September 28, 2025 12:07 PM

views 29

তামিলনাডুৰ কাৰুৰত এটা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

তামিলনাডুৰ কাৰুৰত এটা ৰাজনৈতিক সমদলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ৫০ জনতকৈও অধিক লোক ৰাজ্যখনৰ বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে। কালি সংঘটিত এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকতাত্মীয়লৈ তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে ১০ লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। একেদৰে আই চি ইউত চিকিৎসাধীন হৈ থকা আঘাতপ্রাপ্ত লোকসকলৰ চিকিৎসাৰ বাবে এক লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তামিলনাড়ু উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণা জগদীছান নেতৃত্বাধীন এ...