May 8, 2024 12:01 PM
30
আজি বিশ্ব থেলাছেমিয়া দিৱস
আজি বিশ্ব থেলাছেমিয়া দিৱস। থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰিবলৈ প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। ৰক্তৰ বিসংগতি সম্পৰ্কীয় এই জটিল ৰোগবিধৰ বিষয়ে সজাগ আৰু সতর্কতাৰ লগতে এনে ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ শ’গান – ‘জীৱনক শক্তি প্ৰদানৰ বাবে আগুৱাই যোৱাৰ ক্ষেত্ৰত সকলোৰে কাৰণে সুচল আৰু সমভাৱে থেলাছেমিয়াৰ চিকিৎসা”।