August 1, 2025 11:34 AM
9
টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন
বিশিষ্ট ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত আজি ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে টাবুৰাম টাইড স্মৃতি ন্যাসৰ সৌজন্যত ২০২৫ বৰ্ষৰ সাহিত্য বঁটাসমূহ প্ৰদান কৰা হ'ব। বিশিষ্ট সাহিত্যক য়েছে দৰজে ঠংছিক ২০২৫ বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হ'ব। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাঃ বিদ্যেশ্বৰ দলেক টাবুৰাম টাইড মিচিং সাহিত্য বঁটা আৰু জনগোষ্ঠীয় পটভূম...