July 27, 2025 8:41 PM

views 37

অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় সাহিত্যিক য়েছে দৰজে ঠংছিলৈ ২০২৫ বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা

বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ টাবুৰাম টাইডৰ স্মৃতিত ২০২৫ বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় সাহিত্যিক য়েছে দৰজে ঠংছিলৈ আগবঢ়োৱা হৈছে। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাঃ বিদ্যেশ্বৰ দললৈ টাবুৰাম টাইড মিচিং সাহিত্য বঁটা আগবঢ়োৱা হৈছে। একেদৰে জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা লাঙাদেউ নামৰ গ্ৰন্থখনৰ বাবে পংকজ কুমাৰ দত্তলৈ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। তদুপৰি পৰৱৰ্তী সময়ত টাবুৰাম টাইড অনুবাদ সাহিত্য বঁটা আৰু টাবুৰাম টাইড ফেল'শ্বিপ প্ৰদান কৰা হ'ব। টাবুৰা...