October 15, 2025 9:25 PM October 15, 2025 9:25 PM
7
ৰাজ্যৰ বিভিন্ন জিলাত তৃতীয় পৰ্যায়ৰ ধঁপাতমুক্ত যুৱ অভিযান ৰূপায়ণ
ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত আজিৰে পৰা ৰাজ্যৰ বিভিন্ন জিলাত তৃতীয় পৰ্যায়ৰ ধঁপাতমুক্ত যুৱ অভিযান ৰূপায়ণ কৰা হৈছে। ধেমাজি জিলা ধঁপাত নিয়ন্ত্রণ কোষৰ উদ্যোগত আৰু জিলা স্বাস্থ্য কমিটিৰ সহযোগত আজি ধেমাজি স্বাস্থ্য ভৱনত এই অভিযান শুভাৰম্ভ কৰা হয়। নৱ প্ৰজন্মৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ লগতে তেওঁলোকক ধঁপাতমুক্ত জীৱনশৈলী গ্রহণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে ৰূপায়ণ কৰিবলৈ লোৱা এই আঁচনিৰ অধীনত অহা ৭ ডিচেম্বৰ পৰ্যন্ত বিভিন্ন সজাগতামূলক কাৰ্যসূচী লোৱা হ'ব। আজি শুভাৰম্ভ উপলক্ষে জিলাখনৰ বিভিন্ন থা...