December 27, 2025 8:02 PM

views 14

কাইলৈ তিৰুৱনন্তপুৰমত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ চলিত মহিলা টী-টুৱেণ্টী ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ভাৰতে তৃতীয়খন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰিছিল। পাঁচখনীয়া টী-২০ প্রতিযোগিতাত ভাৰতে ইতিমধ্যে ৩-০ৰ অগ্ৰগতিৰে শৃংখলা হস্তগত কৰিছে।

August 27, 2024 6:58 PM

views 22

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ভাৰতীয় দলৰ ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীৰ স্থান লাভ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত হ'বলগীয়া মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত ৰিজাৰ্ভ খেলুৱৈ হিচাপে অসমৰ উমা ছেত্ৰীয়ে স্থান লাভ কৰিছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে ঘোষণা কৰা ১৫ জনীয়া দলটোৰ অধিনায়ক হিচাপে হৰমনপ্রীত কৌৰ আৰু স্মৃতি মান্ধানাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। অহা ৩ অক্টোবৰৰ পৰা হ'বলগীয়া প্রতিযোগিতাখনত ১০টা দলে অংশগ্রহণ কৰিব। ভাৰতে অহা ৬ অক্টোবৰত ডুবাইত পাকিস্তানৰ বিৰুদ্ধে হ'বলগীয়া খেলখনেৰে অভিযান আৰম্ভ কৰিব।