July 31, 2024 10:56 AM
25
শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ আটাইকেইখন খেলত ভাৰতৰ জয়লাভ
শ্ৰীলংকাৰ পাল্লাকেলেত ভাৰত আৰু শ্ৰীলংকাৰ মাজত যোৱা নিশা অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ অন্তিমখন খেলত ভাৰতে শ্রীলংকাক ছুপাৰ অভাৰত পৰাজিত কৰে। খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৭ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ শুভমন গিলে ৩৯ আৰু ৰিয়ান পৰাগে ২৬ ৰাণৰ বৰঙণি আগবঢ়ায়। আনহাতে, খেলখনত শ্ৰীলংকাই সুন্দৰ আৰম্ভণি কৰে যদিও অন্তিম ৪টা অভাৰত ক্ৰমাগতভাৱে উইকেট হেৰুৱাই ১৩৭ ৰাণত ইনিংছ সমাপ্ত কৰে। ইয়াৰ ফলত ছুপাৰ অভাৰৰ সহায় ল'বলগীয়া হয়। শ্রীলংকাই কেৱল ২ ৰাণহে সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতৰ অধিনায...