January 22, 2026 11:24 AM

views 17

পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

নাগপুৰৰ বিদর্ভা ক্রিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া T20 ক্রিকেট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া শৃংখলাত ভাৰতে ১-০ত অগ্রগতি লাভ কৰে। খেলখনত নিউজিলেণ্ডে নির্ধাৰিত বিশ অভাৰত ৭টা উইকেটৰ বিনিময়ত ১৯০ ৰান সংগ্ৰহ কৰে। ভাৰতে বিপক্ষ দলটোক ২৩৯ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। আলহী দলটোৰ হৈ গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক'ৰ কৰে৷ আয়োজক দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই এটাকৈ উইকেট দখল কৰাৰ বিপ...

December 15, 2025 12:21 PM

views 13

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত দক্ষিণ আফ্ৰিকা পৰাস্ত

ধৰ্মশালাত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত যোৱা নিশা ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া ১১৮ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে ১৫ অভাৰ ৫টা বলতে তিনিটা উইকেটৰ বিনিময়ত ১২০ ৰান কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই সৰ্বাধিক ৩৫ ৰান কৰে। তিলক বার্মা ২৬ ৰান কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৭ ৰাণ সংগ্ৰহ কৰ...

December 12, 2025 11:46 AM

views 12

টি-২০ ক্রিকেট শৃংখলাৰ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাৰ হাতত ভাৰত ৫১ ৰানত পৰাজিত

ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ যোৱানিশা চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতক ৫১ ৰানত পৰাজিত কৰে। ২১৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে নিৰ্ধাৰিত অভাৰ শেষ হ'বলৈ ৫টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬২ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে আলহী দলটোৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটৰ বিনিময়ত ২১৩ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্রিকাৰ কুইন্টন ডি ককে সর্বাধিক ৯০ ৰান কৰে। ভাৰতীয় দলৰ হৈ তিলক বার্মাই ৬২ ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ...

November 8, 2025 9:09 PM

views 33

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অন্তিমখন টি-২০ খেল বৰষুণৰ বাবে পৰিত্যক্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। ভাৰতে চাৰি অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুওৱাকৈ ৫২ ৰান সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। সেই সময়ত শুভমন গীলে ২৯ আৰু অভিষেক শৰ্মাই ২৩ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক মিছেল মার্হে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আজিৰ খেলখন পৰিত্যক্তে ঘোষণা কৰাৰ সুবাদত ভাৰতে ২-১ ফলাফলেৰে শৃংখলা দখল কৰে। উল্লেখযোগ্য যে কা...

November 13, 2024 6:21 PM

views 17

টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ছেঞ্চুৰীয়ানত অনুষ্ঠিত

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি ছেঞ্চুৰীয়ানত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ভাৰত আৰু দক্ষিণ আফ্ৰিকা উভয়ে একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰে। দক্ষিণ আফ্রিকাই দ্বিতীয়খন খেলত ৩ উইকেটত বিজয় সাব্যস্ত কৰিছে।

November 11, 2024 12:14 PM

views 20

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাৰ ৩ উইকেটত জয়লাভ

দক্ষিণ আফ্ৰিকাৰ এবেখাত কালি অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে। শৃংখলাটোত দুয়োটা দলে ১-১ ফলাফলত সমতা স্থাপন কৰিছে। কালিৰ খেলখনত দক্ষিণ আফ্ৰিকাই ভাৰতে বান্ধি দিয়া ১২৫ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত ১৯ অ’ভাৰত ৭ টা উইকেট হেৰুৱাই ১২৮ ৰান সংগ্ৰহ কৰে।

November 8, 2024 12:18 PM

views 16

ডাৰবানৰ কিংছমিডত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা মাজৰ টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি ডাৰবানৰ কিংছমিডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৮ বজাত আৰম্ভ হ'ব। শৃংখলাৰ দ্বিতীয়খন খেল দেওবাৰে গেকেবেৰাত খেলোৱা হ'ব। তৃতীয়খন খেল চেঞ্চুৰিয়নত আৰু চতুর্থ তথা অন্তিমখন খেল জোহান্সবার্গত অনুষ্ঠিত হ'ব। দুয়োটা দল ইয়াৰ পূৰ্বে ব্ৰীজ টাউনৰ কেছিংটন অভেলত টি-টুৱেন্টি বিশ্বকাপ ফাইনেলত সন্মুখীন হৈছিল। ভাৰত এই ৰোমান্সকৰ খেলখনত ৭ ৰাণত জয়ী হৈছিল। দক্ষিণ আফ্রিকা ভ্রমণ টি-টুৱেণ্টিৰ অধিনায়ক সূৰ্যকুমাৰ যা...

October 13, 2024 11:56 AM

views 22

বাংলাদেশক হোৱাইট ৱাছ কৰি ভাৰতৰ তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলা দখল

ভাৰতে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত বাংলাদেশক ১৩৩ ৰানত পৰাস্ত কৰি ৩-০ ফলাফলেৰে শৃংখলা হস্তগত কৰে। বাংলাদেশে ২৯৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৬৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ তৌহিদ হৃদয়ে ৬৩ ৰান কৰি আউট নোহোৱাকৈ থাকে । লিটন দাসে ৪২ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ ৰবি বিষ্ণই ৩টা উইকেট দখল কৰাৰ বিপৰীতে ময়ংক যাদৱে দুটা আৰু ৱাশ্বিংটন সুন্দৰ তথা নীতিশ ৰেড্ডীয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূ...

October 12, 2024 12:01 PM

views 15

হায়দৰাবাদত আজি ভাৰত-বাংলাদেশৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হায়দাবাদত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত ২-০ ফলাফলত আগবাঢ়ি থকা ভাৰতীয় দলে আজি খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুন্ন ৰখা আৰু বাংলাদেশৰ বিৰুদ্ধে আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃতিত্ব অর্জন কৰাৰ চেষ্ট চলাব। ভাৰতে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন খেলত বাংলাদেশক ৮৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। ভাৰতে গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন খেলত ৭ উইকেটত বিজয় সাব্যস্ত কৰিছে।

October 8, 2024 12:05 PM

views 17

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ ভাৰত বাংলাদেশৰ মুখামুখি

ভাৰতীয় পুৰুষ ক্রিকেট দলটো চলিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কাইলৈ বাংলাদেশৰ মুখামুখি হ'ব। খেলখন নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে তিনিখন খেলৰ শৃংখলাত ১-০ ফলাফলেৰে আগবাঢ়ি আছে। দেওবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে আলহী দলটোৰ বিৰুদ্ধে ৭ উইকেটত বিজয় সাব্যস্ত কৰিছিল।