December 26, 2025 8:46 PM

views 18

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ

তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মহিলাৰ টি-২০ ক্রিকেট প্রতিযোগিতাৰ তৃতীয়খন খেল আৰম্ভ হৈছে। ভাৰতে টছত জিকি প্রথমে বলিং কৰাৰ সিদ্ধান্ত হৈছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে শ্রীলংকাই ২ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ১৪ ৰাণ সংগ্ৰহ কৰিছে। আয়োজক দেশ ভাৰতে পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথম দুখন খেলত জয়লাভ কৰি শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰি আছে। ভাৰতে প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত আৰু দ্বিতীয়খন খেলত আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰিছিল।

January 17, 2025 11:12 AM

views 12

মহিলাৰ ২৩ বছৰ অনুৰ্দ্ধৰ সৰ্বভাৰতীয় টি-২০ ক্রিকেট প্রতিযোগিতাত অসম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমে ত্রিবান্দ্রমত অনুষ্ঠিত মহিলাৰ ২৩ বছৰ অনুৰ্দ্ধৰ সৰ্বভাৰতীয় টি-২০ ক্রিকেট প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি ত্রিবান্দ্ৰমৰ ছেইণ্ট জেভিয়াৰ্ছ কে চি এ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত এখন খেলত বিদর্ভক ৩ উইকেটত পৰাস্ত কৰে। খেলখনত বিদৰ্ভই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৩ ৰাণ কৰে। প্ৰত্যুত্তৰত অসমে ১৮ অভাৰ আৰু ৫টা বলত সাতটা উইকেট হেৰুৱাই ১০৬ ৰাণ কৰে। অসমৰ হৈ গায়ত্ৰী গুৰুঙে ৩২টা বলত ৩২ আৰু ফ্ল'ৰিনা টায়েই ৩৯টা বলত ২৬ ৰাণ কৰে। অসম কাইলৈ কোৱাৰ্টাৰ ফাইনেলত কেৰালা...