December 20, 2025 7:04 PM December 20, 2025 7:04 PM
19
আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা
ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। সূর্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰিৰীক অসুস্থতা আৰু ফর্ম নথকাৰ বাবে শুভমন গীলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰাও বাদ দিয়া হৈছে। অক্ষৰ পেটেলক পুনৰ উপ-অধিনায়কৰ দায়িত্ব অর্পণ কৰা হৈছে। দলত সঞ্জু ছেমচন আৰু অভিষেক শৰ্মাক অপেনাৰ হিচাপে দলত স্থান দিয়া হৈছে। উইকেট কীপাৰ বেটছমেন ঈষাণ কিষাণক দ্বিতীয় উইকেট কীপাৰ হিচাপে দলত অন্তর্ভুক্ত কৰা হৈছে...