December 11, 2024 1:49 PM

views 26

মহম্মদ অল-বছিৰক ছিৰিয়াৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ভাৰপ্ৰাপ্ত প্রধানমন্ত্ৰী হিচাপে নিযুক্তি

ছিৰিয়াত মহম্মদ অল-বছিৰক অন্তৱৰ্তীকালীন চৰকাৰৰ ভাৰপ্ৰাপ্ত প্রধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। টেলিভিছনযোগে দিয়া এটা বাৰ্তাত বছিৰে কয় যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি বছাৰ অল-আছাদক উৎখাত কৰা প্ৰাক্তন বিদ্রোহীসকলৰ সমৰ্থনত তেওঁ অহা বছৰৰ ১ মার্চ পর্যন্ত এই অন্তৱৰ্ত্তীকালীন শাসনৰ নেতৃত্বত দিব। ডামাস্কাত সংঘটিত হোৱা ১২ দিনীয়া আক্ৰমণৰ পূৰ্বে অল-বছিৰে বিদ্ৰোহী নেতৃত্বাধীন মুক্তি চৰকাৰৰ গুৰি ধৰিছিল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ছিৰিয়াৰ বেছিভাগ অঞ্চলতে কম পৰিচিত ব্যক্তি মহম্মদ অল-বছিৰে বিদ্ৰোহীসকলৰ দ...

December 11, 2024 10:39 AM

views 29

ছিৰিয়াৰ পৰা ৭৫ গৰাকী ভাৰতীয় নাগৰিকক ওভতাই অনাৰ ব্যৱস্থা ভাৰতৰ

ছিৰিয়াত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ পাছত কেন্দ্ৰীয় চৰকাৰে কালি ৭৫ গৰাকী ভাৰতীয় নাগৰিকক দেশখনৰ পৰা ওভতাই অনাৰ ব্যৱস্থা কৰে। এই লোকসকলৰ ভিতৰত ছায়েদা জেনাবত আৱদ্ধ হৈ থকা ৪৪গৰাকী জম্মু-কাশ্মীৰৰ বাসিন্দা। দেশখনত আবদ্ধ হৈ থকা সকলো ভাৰতীয়ই ইতিমধ্যে নিৰাপদে লেবানন সীমান্ত অতিক্ৰম কৰিছে আৰু বাণিজ্যিক বিমানযোগে শীঘ্ৰেই তেওঁলোক ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতীয় দূতাবাসৰ প্ৰচেষ্টাত উদ্ধাৰ অভিযান অব্যাহত আছে। দেশখনৰ নিৰাপত্তা পৰ...

December 9, 2024 2:32 PM

views 30

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন্মান কৰি এই দেশৰ নেতৃত্বত শান্তিপূৰ্ণ আৰু সৰ্বাত্মক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পোষকতা কৰিছে। মন্ত্ৰ্যালয়ে কৈছে যে, ডামাছকাছত থকা ভাৰতীয় দূতাবাসে দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ...

November 30, 2024 6:41 PM

views 26

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে। দেশখনৰ উত্তৰ পশ্চিম অংশত বিৰোধী বাহিনীয়ে সশস্ত্র বিদ্রোহ আৰম্ভ কৰাৰ কেইদিনমানৰ পাছতে মহানগৰখনত অধিকাৰ সাব্যস্ত কৰে। ইছলামিক সন্ত্রাসবাদী গোট হায়াত তেহৰিৰ অল-ছাম আৰু ইয়াৰ বিভক্ত গোটসমূহে ইতিমধ্যে ৰাষ্ট্ৰপতি বাছাৰ অল- আছাদৰ বাহিনীক পৰাস্ত কৰি এলেপ্প আৰু আইডিব প্ৰদেশৰ কেইবাখনো নগৰ-গাঁও অধিকাৰ কৰিছে। চৰকাৰী বাহিনীয়ে ২০১৬ চনত পুনৰ অধিকাৰ কৰাৰ পাছত এলেপ্প মহানগৰত এইটো হৈছে সৰ্ববৃহৎ আক্রমণ। ছিৰিয়া...