June 23, 2025 8:52 PM June 23, 2025 8:52 PM

views 17

ছিৰিয়াৰ ৰাজধানী দামাস্কাচৰ গীৰ্জাত আত্মঘাটি বোমা বিস্ফোৰণত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬৩ জন লোক গুৰুতৰভাৱে আহত

ছিৰিয়াৰ ৰাজধানী দামাস্কাচৰ এটা গীৰ্জাত কালি সন্ধিয়া আত্মঘাটি বোমা বিস্ফোৰণত কমেও ২২ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ৬৩ জন লোক গুৰুতৰভাৱে আহত হয়। বহু বছৰৰ পাছত ৰাজধানী চহৰখনৰ খ্ৰীষ্টান ধর্মীয়স্থানত এনে আক্ৰমণ প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে। তথ্য অনুসৰি চেইণ্ট ইলিয়াছ অর্থদস্ক গীৰ্জাত দেওবাৰে সন্ধিয়া প্ৰাৰ্থনাৰ বাবে লোকসকল সমবেত হোৱাৰ সময়তে দুজন আক্ৰমণকাৰীয়ে মুকলিকৈ গুলিচালনা কৰাৰ লগতে প্ৰৱেশ পথতে বোমা বিস্ফোৰণ কৰে। এই আক্ৰমণত মহিলা আৰু শিশুৰ মৃত্যু হোৱাৰ তথ্যও পোৱা গৈছে।

March 9, 2025 11:26 AM March 9, 2025 11:26 AM

views 8

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটৰ ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ

ইছলামিক সহযোগিতা সংগঠনৰ বিদেশ মন্ত্ৰীসকলৰ গোটে ১২ বছৰৰ বিৰতিৰ মূৰত ছিৰিয়াৰ সদস্য পদ পুনৰ নবীকৰণ কৰিছে। শুকুৰবাৰে জেদ্দাহত সংগঠনটোৰ সাধাৰণ পৰিষদত হোৱা ২০ সংখ্যক অসাধাৰণ সত্ৰত মন্ত্রীগোটে সংগঠনৰ সচিবপ্ৰধানক সিদ্ধান্তটো কাৰ্যকৰী কৰিবলৈ আৰু পৰৱৰ্তী সত্ৰত বিষয়টো উল্লেখ কৰিবলৈ দায়িত্ব প্ৰদান কৰে। উল্লেখযোগ্য যে ২০১২ চনৰ পৰা নিলম্বিত হৈ থক ছিৰিয়াই অলপতে সদস্য পথ পুনৰ ঘূৰাই পাবলৈ সংগঠনটোক আনুষ্ঠানিক আবেদন দাখিল কৰিছিল। ছিৰিয়াই এই সিন্ধান্তক আদৰণি জনাইছে।