December 19, 2025 12:35 PM December 19, 2025 12:35 PM
2
ঝাৰখণ্ডৰ প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল
ছৈযদ মুস্তাক আলী ট্ৰফী ক্রিকেট প্রতিযোগিতাত কালি নিশা পুনেত অনুষ্ঠিত ফাইনেলত ঝাৰখণ্ডে হাৰিয়ানাক ৬৯ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফী প্রতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত প্ৰথমে বেট ধৰি ঝাৰখণ্ডে ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ২৬২ ৰান সংগ্ৰহ কৰে। দলটোৰ অধিনায়ক ঈশান কিশানে ৪৯টা বলত ১০১ ৰান আৰু কুমাৰ কুশাগ্রাই ৩৮টা বলত ৮১ ৰানৰ বৰঙণি আগবঢ়াই। প্ৰত্যুত্তৰত হাৰিয়ানাই ১৯ অভাৰ ৩টা বলত আটাইকেইটা উইকেট হেৰুওৱাই ১৯৩ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ যশবর্ধন দালালে ২২টা বলত ৫৩ ৰানৰ অৱদান আগবঢ়ায়।...