May 9, 2024 6:55 PM
19
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত এটি শিশু মৃত্যুৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ
ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে। লগতে তেওঁ ছোৱাইন ফ্লুৰ সংক্রমণ নিশ্চিত কৰি লইয়াৰ আনুসঙ্গিক ঠাইসমূহৰ বিভিন্ন ব্যক্তিৰ শৰীৰৰ পৰীক্ষাৰ লগতে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহতো প্ৰাৰম্ভিক ব্যৱস্থা গ্...