November 14, 2025 12:06 PM November 14, 2025 12:06 PM

views 17

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন ঠাইত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত হাজাৰ হাজাৰ গাহৰি নিধন কৰা হৈছে। ইয়াৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে। উজনি অসমৰ বিভিন্ন জিলাত বিশেষকৈ শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ সর্বাধিক হোৱা বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। লখিমপুৰ জিলাত পশুপালন বিভাগে এই পর্যন্ত এহেজাৰ ৭০৬টা গাহৰি নিধন কৰিছে। জিলাখনৰ ২৯ টা স্থানৰ ৩৪ খন গাহৰি ফাৰ্মৰ গাহৰি নিধন কৰা হৈছে। জিলাখনত যোৱা ৯ নৱেম্বৰৰ পৰা গাহৰি বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্...