November 17, 2025 1:08 PM

views 22

৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি ৰাজ্য চৰকাৰৰ

ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ৭ খন জিলাত গাহৰিৰ মাংস বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। শিৱসাগৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, দৰং আৰু কামৰূপ জিলাত আফ্রিকান ছোৱাইন ফিভাবে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগে তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা জাৰি কৰিছে। ছোৱাইন ফিভাৰৰ সংক্ৰমণ কমকৈ হোৱা জিলাসমূহত গাহৰিৰ মাংস বিক্ৰ...