December 10, 2025 7:52 PM December 10, 2025 7:52 PM
23
গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্রণাম জ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ ৮৬০ গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত ১৭০ কোটি টকা ব্যয়েৰে ১৫০ বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ...