December 10, 2024 8:49 PM December 10, 2024 8:49 PM
7
মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য
স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ অধীনত সমগ্ৰ দেশৰ গাঁওসমূহৰ মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত চলিত বৰ্ষৰ নবেম্বৰ পৰ্য্যন্ত ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য কেন্দ্ৰৰ অংশীদাৰিত্ব হিচাপে মুকলি কৰি দিয়া হয়। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গ্রামোন্নয়ন মন্ত্রালয়ে এই তথ্য সদৰী কৰে। মল নিষ্কাষণ, মল পৰিষ্কৰণ আৰু বৰ্জিত পানী পৰিশোধনৰ বাবে এম জি এনৰেগাৰ অধীনত এই ধন ব্যয় কৰা হৈছে। এতিয়ালৈ ৫৬ লাখৰো অধিক ব্যক্তিগত শৌচাগাৰ, প্ৰায় ১৪ লাখ বিদ্যালয় আৰু অংগনৱাড়ী শৌচাগাৰৰ লগতে ৬৪ হাজাৰ সমূ...