August 22, 2024 11:37 AM

views 20

ৰাজ্যৰ সকলো বিদ্যালয়ত ১ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ স্বচ্ছতা পষেক উদযাপনৰ নিৰ্দেশ

কেন্দ্ৰীয় চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়ৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো অহা ১ ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ পৰিষ্কাৰ, অনাময় আৰু স্বচ্ছতাক লৈ স্বচ্ছতা পষেক উদযাপন কৰা হ'ব। সেই অনুসৰি সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালকে ৰাজ্যৰ সকলো জিলাৰ জিলা মিছন সমন্বয়ক, জিলাৰ কাৰ্যসূচী সমন্বয়কৈ জাননী জাৰি কৰি সকলো বিদ্যালয়ত স্বচ্ছতা পষেক উদযাপন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। এই উপলক্ষে আয়োজিত দৈনন্দিন ভিত্তিত কাৰ্যসূচী, ফটো, ভিডিঅ' গুগল লিংকত আপলোড কৰিবলৈও নির্দেশনা...