October 22, 2025 7:58 PM

views 22

শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত বিভিন্ন জিলাত শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ২২৬ টা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰুষা সেতু শীৰ্ষক বৃহৎ স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত আজিও বিভিন্ন জিলাত শিবিৰ মুকলি কৰা হয়। ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি তিনিচুকীয়া জিলাৰ নৱ জাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত এই স্বাস্থ্য শিবিৰ মুকলি কৰে। এই শিবিৰত শিশুৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা কৰা হয়। পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিশুসকলক উন্নত চিকিৎসাৰ বাবে সমীপৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব। আজিৰ শিবিৰত ...