May 14, 2024 11:29 AM

views 33

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ দেহাৱসান

বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ মোদীৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সুশীল কুমাৰ মোদীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা শোকবাৰ্তাত কয় যে, সুশীল কুমাৰ মোদীয়ে বিহাৰত বিজেপিৰ উত্থান আৰু সাফল্যত অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। প্রধানমন্ত্রীয়ে কয় যে, নেতাগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ৰাজনীতিৰ সৈতে...