January 19, 2025 12:14 PM

views 19

ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হোৱাৰ সম্ভাৱনাঃ বিশ্ব বেংক

২ দশমিক ৭ শতাংশৰ গোলকীয় বিকাশ হাৰক চেৰ পেলাই ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হ’ব বুলি বিশ্ব বেংকে অনুমান কৰিছে। বিশ্ব বেংকৰ গোলকীয় অর্থনীতি প্রেক্ষাপট সম্পৰ্কীয় প্ৰতিবেদনত জানুৱাৰীৰ সংস্কৰণত পৰৱৰ্তী দুটা বিত্তীয় বৰ্ষত ভাৰতৰ দ্রুত বিকাশশীল বৃহৎ অর্থব্যৱস্থাৰ মৰ্যাদা অক্ষুণ্ণ থাকিব বুলি উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত চৰকাৰৰ ৰূপান্তৰকামী উদ্যমৰ লগতে সেৱা খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু নিৰ্মাণ আধাৰৰ সম্প্ৰসাৰণৰ বাবেই ভাৰতীয় অর্থব্যৱস্থাৰ বিকাশ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ পৰা...