September 25, 2024 6:37 PM

views 17

পৰ্যটন দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী চৰকাৰী ভ্ৰমণসূচীৰে মৰিগাঁৱত উপস্থিত

কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন দপ্তৰৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী আজি চৰকাৰী ভ্ৰমণসূচীৰে মৰিগাঁৱত উপস্থিত হৈছে। জিলা প্ৰশাসন আৰু ভিন ভিন চৰকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে বৈঠকত অংশগ্রহণ কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে জিলাখনত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ণৰ বিষয়ে বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী জিলা আয়ুক্তকেইগৰাকীকে ধৰি প্ৰশাসনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজে আদৰণি জনায়। শ্ৰী গোপীয়ে ইতিমধ্যে মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডত উপস্থিত হৈ চৰকাৰী আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় বুলি আকাশবাণীৰ সংবাদদাত...