June 19, 2025 8:02 PM

views 29

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্ত অব্যাহত

ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বাসগৃহত নগদ ধন উদ্ধাৰৰ অভিযোগৰ তদন্তৰ বাবে গঠন কৰা তিনিজনীয়া কমিটিখনে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীক আঁতৰোৱাৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে পৰ্য্যাপ্ত প্রমাণ আছে। পাঞ্জাৱ আৰু হাৰিয়াণা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জি এছ ছন্ধাৱালিয়া আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনু শিৱৰামনক লৈ গঠিত কমিটিখনে ন্যায়াধীশগৰাকীয়ে তেওঁক জগৰীয়া কৰাৰ বাবে অভিসন্ধি ৰচনা কৰা হৈছে বুলি কৰা দাবী খাৰিজ কৰে। প্...

May 21, 2025 8:49 PM

views 31

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰচৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা অভিযোগৰ শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ নতুন দিল্লীৰ চৰকাৰী বাসগৃহৰ পৰা নগদ ধন উদ্ধাৰ হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি অস্বীকাৰ কৰে। ন্যায়াধীশ অভয় এছ. ওকা আৰু উজ্বল ভূঞাক লৈ গঠিত এখন বিচাৰপীঠে আবেধনখন খাৰিজ কৰি কয় যে মুখ্য ন্যায়াধীশে তদন্ত প্রতিবেদন আৰু ন্যায়াধীশ বাৰ্মাৰ উত্তৰ ইতিমধ্যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। ন্যায়ালয়ে কয় যে, আবেদনকাৰীয়ে প্ৰথমে সংশ্লিষ্ট বিষয়াৰ সৈ...

May 19, 2025 9:30 PM

views 25

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলে বছৰি ১৫ লাখ টকাৰ পেন্সন হিচাপে লাভ কৰিব

উচ্চতম ন্যায়ালয়ে আজি উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশসকলকে ধৰি সকলো ন্যায়াধীশে সম্পূর্ণ পেন্সনৰ লগতে অৱসৰৰ সকলো সা সুবিধা লাভ কৰিব বুলি এটা গুৰুত্বপূৰ্ণ শুনানী জাৰি কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলে বছৰি ১৫ লাখ টকাৰ পেন্সন হিচাপে লাভ কৰিব বুলি শুনানীটোত কোৱা হৈছে।

May 5, 2025 2:30 PM

views 27

উচ্চতম ন্যায়ালয়ত ৱাকফ আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ শুনানি

● উচ্চতম ন্যায়ালয়ত আজি ৱাকফ (সংশোধনী) আইন ২০২৫ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ এটা গোটৰ শুনানি গ্রহণ কৰা হ'ব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কেভি বিশ্বনাথনৰে গঠিত বিচাৰপীঠে দুপৰীয়া ২ বজাত এই বিষয়ত শুনানি গ্ৰহণ কৰিব। যোৱা ১৭ এপ্ৰিলত অনুষ্ঠিত শুনানিত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে আজিৰ নিৰ্ধাৰিত শুনানি প্ৰাৰম্ভিক শুনানিৰ বাবেহে আৰু প্ৰয়োজন হ'লে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰা হব। যোৱা শুনানিত আদালতে এই সন্দৰ্ভত কিছুমান উদ্বেগ প্রকাশ কৰাৰ পি...

April 21, 2025 3:47 PM

views 18

ৱক্‌ফ সংশোধনী আইনৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক প্রতিবেদন দাখিলৰ বাবে নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

পশ্চিম বংগৰ মুৰ্ছিদাবাদত ৱক্‌ফ সংশোধনী আইনৰ বিৰোধিতাৰে সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে সর্বোচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ অধ্যক্ষতাত এখন ৫ সদস্যবিশিষ্ট ন্যায়িক তদন্ত আয়োগ গঠনৰ বাবে দাখিল হোৱা এখন জনস্বার্থজড়িত আবেদনৰ আজি সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। শীর্ষ আদালতৰ ৱেবছাইটৰ তথ্য অনুসৰি ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ এন কে সিঙৰ খণ্ডপীঠে আবেদনখনৰ শুনানি গ্রহণ কৰিব। এই আবেদনখনত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগ চৰকাৰক এখন প্রতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয...

April 11, 2025 8:36 PM

views 44

অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াৰ দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে

গুৱাহাটী উচ্চ ন্যায়ালয় কর্তৃপক্ষ আৰু ন্যায়াধীশক উদ্দেশ্যি বিৰূপ মন্তব্য আগবঢ়োৱাৰ অভিযোগ তুলি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তৰা দুটাকৈ মানহানি গোচৰ আজি উচ্চ ন্যায়ালয়ে বিচাৰৰ বাবে গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈ আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে আজি মানহানিৰ গোচৰৰ ভিত্তিত তিনিজন অধিবক্তালৈ জাননী জাৰি কৰে। ৩ জন অধিবক্তাকে ১৩ মে'ৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে। ন্যায়ালয়ে লগতে বিৰূপ মন্তব্য সম্বলিত ভিডিঅ’ ইউটিউবৰ উপৰি এটা ব্যক্তিগত বৈদ্...

April 3, 2025 7:00 PM

views 28

পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছে

উচ্চতম ন্যায়ালয়ে আজি পশ্চিমবংগৰ বিদ্যালয়সমূহৰ ২৫ হাজাৰৰো অধিক শিক্ষক আৰু আন কৰ্মীৰ নিযুক্তি অবৈধ বুলি কলকতা উচ্চ ন্যায়ালয়ে দিয়া ৰায় বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ে কয়, যে সমগ্র নিযুক্তি প্ৰক্ৰিয়াটো আসোঁৱাহযুক্ত আৰু ইয়াৰ বিশ্বাসযোগ্যতা আৰু বৈধতা গ্ৰহণযোগ্য নহয়। দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠে কয়, যে অনাগত তিনি মাহৰ ভিতৰত এটা নতুন নির্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। অৱশ্যে বিচাৰপীঠে লগতে মানৱীয় দৃষ্টিভংগীৰে দিব্যাংগ কৰ্মচাৰীসকল...

February 27, 2025 4:35 PM

views 36

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্টঃ উচ্চতম ন্যায়ালয়

ফৌজদাৰী গোচৰত দোষী সাব্যস্ত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞাৰ বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰে কালি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰে। শপতনামাত চৰকাৰে এনেধৰণৰ দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে বৰ্তমানৰ ৬ বছৰৰ নিষেধাজ্ঞাই যথেষ্ট বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ফৌজদাৰী গোচৰত দোষী সাব্যস্ত নেতাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা আৰোপৰ বাবে অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত এগৰাকী অধিবক্তাই এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনত ফৌজদাৰী গোচৰত দোষ...

January 22, 2025 7:43 PM

views 26

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ, অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ বিবাদ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া আয়ুক্তৰ মছজিদ পৰিদৰ্শনৰ ক্ষেত্ৰত থকা অন্তৱৰ্তীকালীন নিষেধাজ্ঞা বাহাল ৰাখিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু কে ভি বিশ্বনাথনক লৈ গঠিত খণ্ড আদালতে শ্বাহী ঈদগাহ মছজিদে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটোৰ বিৰুদ্ধে জনোৱা আবেদন সন্দৰ্ভত আজি এই নির্দেশ দিয়ে। আবেদনখনত মছজিদ পক্ষৰ অধিবক্তাই আদালতৰ দ্বাৰা নিযুক্ত আয়ুক্তই মছজিদ পৰিদৰ্শনৰ...

January 2, 2025 4:27 PM

views 31

এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে আজি এ আই এম আই এমৰ সভাপতি আশাদুদ্দিন ৱেইচিয়ে উপাসনাস্থলী আইন, ১৯৯১ কাৰ্যকৰী কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সংলগ্ন কৰাৰ বাবে নিৰ্দেশ দিছে। ১৯৯১ চনৰ এই আইনখনে ১৯৪৭ চনৰ ১৫ আগষ্ট পর্যন্ত প্রচলিত ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰি উপাসনাস্থলী পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে ৱেইচিৰ আবেদনখন এই সম্পৰ্কীয় অন্য বিচাৰাধীন আবেদনৰ সৈতে সংলগ্ন কৰিবলৈ নিৰ্দেশ দিছে। এই আবেদনসমূহ উপাসনাস্থলী সম্পর্কত...