July 18, 2024 12:42 PM

views 12

উচ্চতম ন্যায়ালয়ত আজি NEET-UG ২০২৪ সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ

উচ্চতম ন্যায়ালয়ে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET-UG ২০২৪ সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই শুনানি গ্রহণ কৰিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত ৪০ খন আবেদন বিচাৰাধীন হৈ আছে।