July 26, 2024 12:20 PM

views 15

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েল্টী নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়দান

ৰাজ্যসমূহে খনিজ সম্পদৰ ৰয়েটি নির্ধাৰণৰ অধিকাৰ পাব বুলি উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায়দান কৰিছে। কালি দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত এখন ন-জনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় দান কৰি খনি আৰু খনিজ পদাৰ্থৰ ওপৰত সাংবিধানিক অধিকাৰ ৰাজ্যসমূহৰ থকা বুলি নিশ্চিত কৰে। উল্লেখ্য যে ১৯৮৯ চনত ইণ্ডিয়া চিমেণ্ট বনাম তামিলনাডু চৰকাৰ গোচৰত খনিজ সম্পদৰ ৰয়েল্টিট নির্ধাৰণত ৰাজ্যিক বিধানসভাবোৰৰ সাংবিধানিক ক্ষমতা নাই বুলি ৰায় দান কৰিছিল।