July 29, 2025 11:04 AM

views 32

বিহাৰত ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অমান্তি

বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ উচ্চতম ন্যায়ালয় অমান্তি হৈছে। ন্যায়াধীশ সূৰ্য্যকান্ত আৰু জয়মালা বাগ্‌হীক লৈ গঠিত খণ্ড আদালতে কয়, যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্রকো এই সংশোধনীত নথি হিচাপে গ্ৰহণ কৰিবলৈ যোৱা ১০ জুলাইত আদালতে দিয়া নিৰ্দেশৰ জৰিয়তে আবেদনকাৰীৰ যুক্তিক ঔচিত্য প্ৰদান কৰা হৈছে। খণ্ড আদালতে ভোটাৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত কোনো আইন ভংগ হ'লে ইয়াক নাকচ কৰা হ'ব বুলিও স্পষ্ট কৰি ...