November 26, 2024 11:58 AM

views 17

দিল্লীৰ শিক্ষানুষ্ঠানসমূহত আৰোপিত নিষেধাজ্ঞা শিথিলৰ বাবে বিবেচনা কৰিবলৈ বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগক উচ্চতম ন্যায়ালয়ৰ নির্দেশ

উচ্চতম ন্যায়ালয়ে প্রদূষণৰ পৰিপ্ৰেক্ষিতত দিল্লী-এন চি আৰৰ বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত পোনপটীয়া পাঠদানৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ বাবে বিবেচনা কৰিবলৈ বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগক নির্দেশ দিছে। যোৱা সপ্তাহত তীব্র বায়ু প্ৰদূষণৰ বাবে শিক্ষানুষ্ঠানসমূহত পোনপটীয়া পাঠদানত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ন্যায়াধীশ অভয় এছ ওকা আৰু অগাষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কৈছে যে অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰতে বায়ু বিশুদ্ধিকৰণ ব্যৱস্থা উপলব্ধ নহয়, যাৰ বাবে ঘৰত পঢ়া...