January 22, 2026 11:11 AM

views 7

পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত থকা বিসংগতিসমূহ চালিজাৰি চাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰৰ মীমাংসা কৰিবলৈ আয়োগে পশ্চিমবংগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তদুপৰি আয়োগে ৰাজ্য প্রসাশন আৰু আৰক্ষীক শুনানি মসৃনভাৱে সম্পাদন কৰিবলৈও কয়।

December 22, 2025 7:49 PM

views 13

কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ স্বীকৃতি

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি কৈছে যে, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টো স্বীকৃতি দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰকে ধৰি আৰাৱলী খণ্ডত বিশেষকৈ অতি স্পৰ্শকাতৰ অঞ্চলত কোনো নতুন খননৰ অনুমতি দিয়া নহ'ব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আৰাৱলীৰ পুনৰ সংৰক্ষণ তথা সেউজ পৰিবেশৰ ৰক্ষনা-বেক্ষন তথা ইয়াৰ সংৰক্ষণৰ বাবে এই প্রক...

December 21, 2025 11:02 AM

views 13

সাংবিধানিক প্রতিষ্ঠানসমূহে ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ প্ৰকাশ

সাংবিধানিক প্রতিষ্ঠানসমূহে সংবিধানৰ ভাবনা অনুযায়ী ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত কালি হিন্দী সেৱা নিধি ন্যাসৰ ৩৩ সংখ্যক বৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাষা সম্বন্ধীয় সাংবিধানিক ব্যৱস্থাসমূহ সমগ্ৰ দেশত ৰূপায়ণ কৰা হ'ব বুলি আশা কৰা হয় । সাংবিধানিক আৰু আইনী ব্যৱস্থা অনুযায়ী...

November 27, 2025 8:32 PM

views 13

প্রতিবন্ধীসকলৰ বাবে এখন শক্তিশালী আইন প্রণয়নৰ বাবে উচ্চতম ন্যায়ালক কেন্দ্ৰীয় চৰকাৰক আহ্বান

প্রতিবন্ধীসকলৰ প্ৰতি কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ এখন শক্তিশালী আইন প্রণয়ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। প্রতিবন্ধীসকলৰ মৰ্যদা ৰক্ষাৰ বাবে কঠোৰ আইন প্রণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয়, যে অনুসূচীত জাতি-জনজাতিৰ আইনৰ ভিত্তিত বিশেষভাবে সমর্থ ব্যক্তি জীনগত সমস্যা থকা লোকক উপহাস কৰা অপমানজনক মন্তব্যক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে আইন প্রণয়ন কৰিবলৈ আহ্বান জনায়। মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বা...

November 24, 2025 6:15 PM

views 19

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তৰ শপত গ্ৰহণ

  ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্য কান্তে দায়িত্বভাৰ গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰায় ...

November 21, 2025 10:49 AM

views 10

সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মন্তব্য

সংবিধানৰ অধীনত বিধেয়কসমূহত অনুমোদন সন্দৰ্ভত ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ সিদ্ধান্তৰ বাবে ন্যায়ালয়ে কোনো সময়সীমা নির্ধাৰণ কৰিব নোৱাৰে বুলি উচ্চতম ন্যায়ালয়ে প্রকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গভাই নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে সংবিধানৰ ১৪৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰেৰণ কৰা ১৩টা প্ৰশ্নৰ উত্তৰত কালি এইদৰে পৰামৰ্শ আগবঢ়ায়। শ্ৰীমতী মুৰ্মুৱে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধানসভাত গৃহীত বিধেয়কসমূহত অনুমোদনৰ জনোৱাৰ বাবে সময়সীমা বান্ধি দিব ...

September 11, 2025 3:19 PM

views 21

ডুবাইত ভাৰত-পাকিস্তানৰ এছিয়া কাপ টী-২০ খেলখন বাতিলৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

■ উচ্চতম ন্যায়ালয়ে অহা ১৪ ছেপ্তেম্বৰত ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত হ'বলগীয়া এছিয়া কাপ টী-২০ ক্রিকেট প্রতিযোগিতাৰ খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা এখন আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণ’ইক লৈ গঠিত এখন বিচাৰপীঠে আজি এখন জনস্বার্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি খেলখন হোৱা উচিত বুলি মন্তব্য কৰে। আইনৰ চাৰিগৰাকী ছাত্ৰই খেলখন বাতিল কৰাৰ বাবে অনুৰোধ জনাই দাখিল কৰা জনস্বার্থজড়িত আবেদনখনত পেহেলগাম সন্ত্রাসবাদী আক্ৰমণ আৰু অপাৰেচন ...

August 29, 2025 2:33 PM

views 20

উচ্চতম ন্যায়ালয়ৰ দুগৰাকী নৱনিযুক্ত ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ

● ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গৱাইয়ে আজি উচ্চতম ন্যায়ালয়ক দুগৰাকী নৱনিযুক্ত ন্যায়াধীশক কাৰ্যভাৰ গ্ৰহণৰ শপতবাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত ন্যায়াধীশ আলোক আৰাধে আৰু ন্যায়াধীশ মনোভাই পঞ্চোলিয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে দুদিন পূৰ্বে তেওঁলোকক নিযুক্তি দিয়া হৈছিল। আজি নতুনকৈ দুগৰাকী ন্যায়াধীশৰ শপত গ্ৰহণৰ লগে লগে উচ্চতম ন্যায়ালয়ত নিযুক্ত ন্যায়াধীশৰ সংখ্যা নিৰ্ধাৰিত ৩৪লৈ বৃদ্ধি পালে।

August 21, 2025 5:32 PM

views 21

গৰাকীবিহীন কুকুৰক আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমৰ জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চতম ন্যায়ালয়ে আজি গৰাকীবিহীন কুকুৰ একেলগে ধৰি আশ্ৰয়গৃহলৈ প্ৰেৰণ সন্দৰ্ভত দিল্লী পৌৰ নিগমে জাৰি কৰা এখন জাননীক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। এগৰাকী অধিবক্তাই এই সন্দৰ্ভত আবেদন দাখিল কৰা বুলি উল্লেখ কৰাৰ পাছত ন্যায়াধীশ জে কে মহেশ্বৰী আৰু বিজয় বিষ্ণুয়ক লৈ গঠিত এখন বিচাৰপীঠে আজি বিষয়টোৰ তাৎক্ষণিক শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ১৪ আগষ্টত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত ৰায়দান সুৰক্ষিত ৰখাৰ পাছতো দিল্লী পৌৰ নিগমে জাননী জাৰি কৰা বুল...

July 28, 2025 7:58 PM

views 23

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি

উচ্চতম ন্যায়ালয় বিহাৰত নিৰ্বাচন আয়োগে চলাই থকা ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ অধীনত অহা ১ আগষ্টত খচৰা ভোটাৰ তালিকা প্রকাশত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অমান্তি হৈছে। ন্যায়াধীশ সূৰ্য্যকান্ত আৰু জয়মালা বাগ্‌ছীক লৈ গঠিত খণ্ড আদালতে কয়, যে আধাৰ কাৰ্ড আৰু ভোটদাতাৰ পৰিচয় পত্রকো এই সংশোধনীত নথি হিচাপে গ্ৰহণ কৰিবলৈ যোৱা ১০ জুলাইত আদালতে দিয়া নিৰ্দেশৰ জৰিয়তে আবেদনকাৰীৰ যুক্তিক ঔচিত্য প্ৰদান কৰা হৈছে। খণ্ড আদালতে ভোটাৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত কোনো আইন ভংগ হ'লে ইয়াক নাকচ কৰা হ'ব বুলিও স্পষ্ট কৰি ...