August 19, 2026 7:58 PM

views 11

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদন অগ্ৰাহ্য উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত এই পৰ্য্যন্ত ১০০ জন সাক্ষীয়ে সাক্ষ্য প্রদান কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে, ৩৯৪।

August 6, 2026 6:07 PM

views 17

প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অস্বীকাৰ

উচ্চতম ন্যায়ালয়ে ২০২১ চনত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত সংঘটিত হিংসাত্মক ঘটনাৰ গোচৰত প্ৰধান অভিযুক্ত আশীষ মিশ্ৰৰ জামিনৰ চৰ্ত শিথিল কৰিবলৈ অস্বীকাৰ কৰিছে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ভি মোহনাৰে গঠিত বিচাৰপীঠে অভিযুক্তজনৰ জামিনৰ চৰ্ত শিথিল কৰাৰ আবেদন খাৰিজ কৰে। অভিযুক্তৰ অধিবক্তাই প্ৰকাশ কৰা মতে, মিশ্ৰৰ ওপৰত থকা বৰ্তমানৰ নিষেধাজ্ঞাৰ বাবে তেওঁ কন্যা সন্তানৰ জন্মদিন উয়দাপনকে ধৰি পাৰিবাৰিক অঅনুষ্ঠানসমূহত উপস্থিত থাকিব নোৱাৰে। মুখ্য ন্যায়াধীশে এই আবেদন খাৰিজ কৰি কয় যে...

July 13, 2026 8:27 PM

views 11

নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ’ব লাগিব বুলি উচ্চতম ন্যায়ালয়ৰ ৰায়

নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰু এজন ব্যক্তিক বিদেশী ঘোষণা কৰাৰ প্ৰক্ৰিয়াটো স্বচ্ছ হ’ব লাগিব বুলি আজি উচ্চতম ন্যায়ালয়ে এটা ৰায় দিয়ে। অসমত বিদেশী ন্যায়াধীকৰণৰ দ্বাৰাৰ বিদেশী ঘোষিত ২৭ জন ব্যক্তিৰ এখন আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই নির্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সঞ্জীৱ মেহতাৰ এখন বিচাৰপীঠে ২৭ জন ব্যক্তিক বিদেশী ঘোষিত কৰা গুৱাহাটী উচ্চ ন্যায়ালয় আৰু বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশসমূহ খাজি কৰে। উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে যে নাগৰিকত্ব নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া ...

July 13, 2026 8:30 PM

views 16

ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ গঠন কৰা এছ আই টিক উচ্চতম ন্যায়ালয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ

ৰাম জন্মভূমি মন্দিৰৰ দান বৰঙণিৰ ধন আত্মসাতৰ অভিযোগক লৈ উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা বিশেষ অনুসন্ধান দল এছ আই টিক আজি উচ্চতম ন্যায়ালয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। অযোধ্যাৰ ৰাম মন্দিৰৰ বৰঙণিৰ ধন আত্মসাত্ৰ অভিযোগৰ চিবিআই তদন্ত বিচাৰি দাখিল কৰা আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক উত্তৰ প্ৰদেশ চৰকাৰ আৰু শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাসলৈ জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ জয়মালা বাগচি আৰু ন্যায়াধীশ ভি মোহন্নাৰে গঠিত এখন বিচাৰপীঠে আজি এই আবেদনৰ শুনা...

June 12, 2026 8:34 PM

views 26

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্রী মিনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্রার্থিত বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে

উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেত্রী মিনাক্ষী নটৰাজনে তেওঁৰ মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ প্রার্থিত বাতিল হোৱাৰ বিষয়টোক লৈ দাখিল কৰা আবেদন খাৰিজ কৰিছে। সৰ্বোচ্চ ন্যায়ালয় তেলেংগানাৰ ফৌজদাৰী গোচৰৰ বিষয়ে অৱগত নকৰাৰ বিষয় সন্দৰ্ভত ৰিটার্ণিং বিষয়াই দিয়া সিদ্ধান্ত নতুন ৰায় দিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ প্রশান্ত কুমাৰ মিশ্র, ন্যায়াধীশ এ এছ চণ্ডুকাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰে।

January 22, 2026 11:11 AM

views 64

পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে পশ্চিমবংগৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। এই তালিকাত থকা বিসংগতিসমূহ চালিজাৰি চাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰৰ মীমাংসা কৰিবলৈ আয়োগে পশ্চিমবংগৰ কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তদুপৰি আয়োগে ৰাজ্য প্রসাশন আৰু আৰক্ষীক শুনানি মসৃনভাৱে সম্পাদন কৰিবলৈও কয়।

December 22, 2025 7:49 PM

views 48

কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ স্বীকৃতি

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি কৈছে যে, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আৰাৱলী পৰ্বতৰ সংৰক্ষণৰ বাবে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ প্ৰয়াসৰ বিষয়টো স্বীকৃতি দিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰকে ধৰি আৰাৱলী খণ্ডত বিশেষকৈ অতি স্পৰ্শকাতৰ অঞ্চলত কোনো নতুন খননৰ অনুমতি দিয়া নহ'ব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আৰাৱলীৰ পুনৰ সংৰক্ষণ তথা সেউজ পৰিবেশৰ ৰক্ষনা-বেক্ষন তথা ইয়াৰ সংৰক্ষণৰ বাবে এই প্রক...

December 21, 2025 11:02 AM

views 59

সাংবিধানিক প্রতিষ্ঠানসমূহে ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ প্ৰকাশ

সাংবিধানিক প্রতিষ্ঠানসমূহে সংবিধানৰ ভাবনা অনুযায়ী ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তই প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত কালি হিন্দী সেৱা নিধি ন্যাসৰ ৩৩ সংখ্যক বৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ভাষা সম্বন্ধীয় সাংবিধানিক ব্যৱস্থাসমূহ সমগ্ৰ দেশত ৰূপায়ণ কৰা হ'ব বুলি আশা কৰা হয় । সাংবিধানিক আৰু আইনী ব্যৱস্থা অনুযায়ী...

November 27, 2025 8:32 PM

views 46

প্রতিবন্ধীসকলৰ বাবে এখন শক্তিশালী আইন প্রণয়নৰ বাবে উচ্চতম ন্যায়ালক কেন্দ্ৰীয় চৰকাৰক আহ্বান

প্রতিবন্ধীসকলৰ প্ৰতি কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ এখন শক্তিশালী আইন প্রণয়ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। প্রতিবন্ধীসকলৰ মৰ্যদা ৰক্ষাৰ বাবে কঠোৰ আইন প্রণয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয়, যে অনুসূচীত জাতি-জনজাতিৰ আইনৰ ভিত্তিত বিশেষভাবে সমর্থ ব্যক্তি জীনগত সমস্যা থকা লোকক উপহাস কৰা অপমানজনক মন্তব্যক অপৰাধ হিচাপে গণ্য কৰাৰ বাবে আইন প্রণয়ন কৰিবলৈ আহ্বান জনায়। মুখ্য ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বা...

November 24, 2025 6:15 PM

views 53

দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূর্য কান্তৰ শপত গ্ৰহণ

  ন্যায়াধীশ সূর্য কান্তে আজি দেশৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্য কান্তে দায়িত্বভাৰ গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰায় ...