July 22, 2025 1:24 PM

views 14

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আচৰণক কঠোৰ ভাষাৰে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আচৰণক কালি কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজনৈতিক যুঁজত তদন্তকাৰী সংস্থাটোক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্ক কৰি দি মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত এখন বিচাৰপীঠে এই কথা উল্লেখ কৰে। বিচাৰপীঠখনে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন খাৰিজ কৰি এই বিষয়ে স্পষ্ট কৰি দিয়ে ।