March 19, 2025 11:31 AM

views 28

মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম’ৰৰ পৃথিৱীলৈ প্ৰত্যাৱৰ্তন

সুদীৰ্ঘ ৯ মাহ ধৰি আন্তঃ ন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাছ উইলম'ৰ আজি পুৱতি নিশা পৃথিৱীলৈ ঘূৰি আহে। স্পেচএক্সৰ ড্ৰেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি পুৱতি নিশা ৩ বাজি ২৭ মিনিটত গাল্ফ অৱ মেক্সিকোত অৱতৰণ কৰে। ইয়াৰ লগে লগে মহাকশচাৰী দুগৰাকীয়ে স্পেচএক্সৰ ক্ৰু-নাইনৰ সৈতে আন দুগৰাকী মহাকাশচাৰী নাছাৰ নিক হেক আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডৰ গনভৰ লগতে নিজৰ যাত্ৰা সমাপ্ত কৰে। উল্লেখযোগ্য যে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজু...