March 19, 2025 2:45 PM

views 16

৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰ

● মহাকাশত ৯ মাহ অতিবাহিত কৰাৰ পাছত নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলম’ৰে যাতে পৃথিৱীৰ মধ্যাকর্ষণ শক্তিৰ মাজতো সহজে জীৱন ধাৰণ কৰিব পাৰে, তাৰবাবে মহাকাশচাৰী দুগৰাকীয়ে ৪৫ দিনীয়া পুনর্বাসন কাৰ্যসূচীত অংশ লৈছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি ভাৰহীন অৱস্থাত থকা মহাকাশচাৰী দুগৰাকীয়ে এই প্রভাৱৰ পৰা মুক্ত হোৱাৰ বাবে কঠোৰ শাৰীৰিক অনুশীলন কৰিব লাগিব। নামমাত্ৰ মধ্যাকৰ্ষণৰ মাজত থকাৰ বাবে মানৱ শৰীৰত ন ন প্ৰত্যাহ্বানৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত এৰ'বিক ক্ষমতা, মাংসপেশীৰ শক্তি, ভাৰসাম...

March 18, 2025 8:52 PM

views 21

পৃথিৱী অভিমুখে ৰাওনা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাট্‌ছ উইলম’ৰ

বিগত ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আবদ্ধ হৈ থকা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাট্‌ছ উইলম’ৰ পৃথিৱী অভিমুখে আহি আছে। নাছাই প্রকাশ কৰা তথ্য অনুসৰি স্পেচএক্সৰ ড্রেগন মহাকাশযানেৰে মহাকাশচাৰী দুগৰাকী ভাৰতীয় সময় অনুসৰি আজি দিনৰ ১০ বাজি ৩৫ মিনিটত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা কৰিছে। প্ৰায় ১৭ ঘণ্টা যাত্ৰাৰ অন্তত তেওঁলোক কাইলৈ পুৱতি নিশা ৩ বাজি ২৭ মিনিটত পৃথিৱীত অৱতৰণ কৰিব বুলি নাছাৰ সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী বিজু...

June 28, 2024 12:50 PM

views 28

মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্‌চ উইলম’ৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে

কাৰিকৰী আঁসোৱাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ থকা সুনীতা উইলিয়ামছ আৰু বুট্‌চ উইলম’ৰৰ পৃথিৱীলৈ ঘূৰি অহাৰ পৰৱৰ্তী দিন ৬ জুলাই ধাৰ্য কৰা হৈছে। ইয়াৰ ফলত পোনতে ৮ দিনৰ বাবে পৰিকল্পনা কৰা এই অভিযান এতিয়া এমাহলৈ চলিব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মহাকাশচাৰীদ্বয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ কঢ়িয়াই লৈ যোৱা ষ্টাৰ লাইনাৰ মহাকাশ যানখনৰ হিলিয়াম প্ৰণালীত আসোৱাহ থকা বুলি গম পোৱাৰ পাছতো নাছা আৰু বয়িং কৰ্তৃপক্ষই উৎক্ষেপণ পিছুৱাই দিয়া নাছিল বুলি অভিযোগ উত্থাপিত হৈছে।

May 6, 2024 6:35 PM

views 32

পুনৰ মহাকাশলৈ উৰা মাৰিব ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্রথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্রত্যাৱর্তন হ'ব। নাছাৰ সহযোগী মহাকাশচাৰী বেৰী উইলম'ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ দিব। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম'ৰে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱাৰ ভাগত উৎক্ষেপণ কৰিব।

May 6, 2024 2:21 PM

views 24

পুনৰ মহাকাশলৈ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

♦ ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্ৰথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্ৰত্যাৱৰ্তন হ'ব৷ নাছাৰ সহযোগী মহাকাশচাৰী বেৰী বুচ উইলম’ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ দিব। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলম'ৰে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱাৰ ভাগত উৎক্ষেপণ কৰিব৷