March 26, 2025 1:20 PM
14
জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান মল্লযুঁজত ভাৰতৰ সুনীল কুমাৰৰ ব্ৰঞ্জৰ পদক
ভাৰতৰ সুনীল কুমাৰে জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান মল্লযুঁজ প্রতিযোগিতাৰ ৮৭ কিলোগ্রাম ওজন শাখাৰ গ্ৰেচ' ৰোমান শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। কালিৰ খেলখনত সুনীলে চীনৰ জিয়াজিন হুৱাঙক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে তাজাকিস্তানৰ প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ১০-১ ফলাফলত জয়লাভ কৰিছিল। অৱশ্যে ইয়াৰ পাছৰ ছেমি ফাইনেলত সুনীল ইৰাণৰ য়াচিন য়াজদিৰ হাতত ৩-১ ফলাফলত পৰাজিত হয়।