July 17, 2024 10:58 AM

views 17

ভাৰতৰ ভেষজ, বস্ত্ৰ, যান-বাহন আৰু ৰসায়নৰ ক্ষেত্ৰত বিকাশৰ অপাৰ সম্ভাৱনা আছে : সুনীল বর্থৱাল

কেন্দ্রীয় বাণিজ্য সচিব সুনীল বর্থৱালে কৈছে যে ভাৰতৰ ভেষজ, বস্ত্ৰ, যান-বাহন আৰু ৰসায়নৰ ক্ষেত্ৰত বিকাশৰ অপাৰ সম্ভাৱনা আছে। শ্ৰীবৰ্থৱালে কালি নতুন দিল্লীত ভাৰতীয় বিদেশ বাণিজ্য প্ৰতিষ্ঠানৰ দুটা ধ্বজাবাহী এম বি এ কাৰ্যসূচী মুকলি কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰত পৰিণত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত ভাৰতীয় বিদেশ বাণিজ্য প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰত বিশ্বত ক্ষিপ্ৰতাৰে আগবাঢ়িছে বুলিও বাণিজ্য সচিবগৰাকীয়ে মন্তব্য কৰে ।