September 20, 2024 7:16 PM
15
ঢেকিয়াজুলিত কাইলৈ শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত কাইলৈ ঢেকিয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন কৰা হব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। জাতীয়তাবাদ আৰু দেশপ্ৰেমক প্ৰতিফলিত কৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া কাইলৈৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকিব বুলি জানিব পৰা...