July 26, 2025 8:45 PM July 26, 2025 8:45 PM
3
তামুলপুৰত বিধানসভা সমষ্টিভিত্তিক গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিক গ্রীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। অসম নাট্য সন্মিলন, তামুলপুৰ জিলা প্ৰশাসন, মণিকাঞ্চন কলাকেন্দ্র, আলাইআৰান হাৰিমু আফাদ আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সহযোগত এই কর্মশালা অনুষ্ঠিত হৈছিল। আজি সামৰণি অনুষ্ঠানত অংশ লৈ যশস্বী অভিনেত্রী, অসম গৌৰৱ সন্মানেৰে সন্মানিত সীমা বিশ্বাসে কয়, যে এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলৰ পৰিবেশনে সমাজলৈ শক্তিশালী বার্তা কঢ়িয়াই আনিছে। গোলকীয় উষ্ণতা বৃদ্ধিক লৈ ছ...