May 21, 2025 7:10 PM

views 26

অভিনেত্ৰী চুমি বৰাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অনলাইন ট্রেডিঙৰ নামত বিত্তীয় অনিয়মত লিপ্ত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী চুমি বৰাৰ জামিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে। ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰত অভিনেত্ৰীগৰাকীয়ে জামিন লাভ কৰে। প্ৰায় ৮ মাহ ধৰি অভিনেত্ৰীগৰাকী কাৰাগাৰত আছিল। অৱশ্যে জামিন লাভ কৰিলেও কাইলৈহে চুমি বৰাই কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অনুৰূপ গোচৰত অভিযুক্ত বিশাল ফুকন আৰু তার্কিক বৰাই ইতিপূৰ্বে জামিন লাভ কৰিছে।

November 19, 2024 8:40 PM

views 17

ছুমি বৰাৰ জামিন নাকচ চি বি আইৰ বিশেষ আদালতৰ

কেন্দ্রীয় অনুসন্ধান সংস্থা তথা চি বি আইৰ বিশেষ আদালতে আজি ট্রেডিং কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছুমি বৰাৰ জামিন নাকচ কৰিছে। দীৰ্ঘদিন ধৰি শুনানিৰ অন্তত আদালতে ছুমি বৰাক জামিন দিবলৈ অস্বীকাৰ কৰে। আনহাতে ট্রেডিং কাণ্ডৰ গোচৰৰ মূল অভিযুক্ত বিশাল ফুকনৰ জামিন আবেদন বর্তমানো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে।

September 12, 2024 1:22 PM

views 33

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাৰ যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন

অললাইন ট্রেডিং গোচৰৰ অভিযুক্ত চুমি বৰাই যোৱানিশা ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত আত্ম-সমৰ্পন কৰে। ভুৱা ট্রেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগত বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছৰেপৰা চুমি বৰা পলাতক অৱস্থাত আছিল। আত্মসমৰ্পনৰ পাছতে এছ টি এফে চুমিক জিম্মাত লয়।