December 16, 2025 7:48 PM
14
নিলম্বিত অসামৰিক সেৱাৰ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত ৰাজ্য চৰকাৰৰ
ৰাজ্য চৰকাৰে নিলম্বিত অসামৰিক সেৱাৰ বিষয়া সুকন্যা বৰাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ এলেকা উন্নযন পুঁজিৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক নিলম্বন কৰা হৈছিল। বিষয়াগৰাকীৰ আয়বহির্ভূত সম্পত্তিৰ তদন্ত চলাই চৰকাৰে অসামৰিক সেৱাৰ বিধি অনুযায়ী তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।