December 4, 2024 8:04 PM December 4, 2024 8:04 PM

views 3

শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ গুলীচালনাৰ ঘটনা

পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আজি এটা দুৰ্বৃত্তই ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিৰোমণি আকালি দলৰ নেতা সুখবীৰ সিং বাদললৈ লক্ষ্য কৰি কৰা গুলীচালনাৰ ঘটনাত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। শ্ৰী বাদলে মন্দিৰৰ প্ৰৱেশদ্বাৰত হুইল চেয়াৰত বহি প্ৰাৰ্থনা কৰি থকাৰ সময়তে নাৰায়ণ সিং নামৰ দুর্বৃত্তটোৱে তেওঁৰ ওপৰত গুলীচালনা কৰাৰ চেষ্টা কৰে। অৱশ্যে প্ৰৱেশদ্বাৰত ৰৈ থকা শিৰোমণি গুৰুদ্ধাৰ প্ৰৱন্ধক সমিতিৰ সেৱকসকলৰ তৎপৰতাত তেওঁৰ প্ৰাণ ৰক্ষা পৰে। সেৱকসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আগুৰি ...