November 11, 2025 8:00 PM

views 45

ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত সংঘটিত আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু, আহত ২১ জন লোক

পাকিস্তানৰ ইছলামাবাদত ন্যায়ালয় ভৱনৰ বাহিৰত আজি সংঘটিত এটা আত্মঘাটি বিস্ফোৰণত কমেও ১২ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন ২১ জন লোক আহত হয়। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি ন্যায়ালয়ৰ বাহিৰত ৰখাই থোৱা এখন বাহনত বোমাটো বিস্ফোৰণ হয়। পাকিস্তানে যোৱা কেইবছৰমান ধৰি বিশেষকৈ খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত নিৰাপত্তাজনিত সমস্যাৰ সন্মুখীন হৈ আহিছে। ইফালে পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে খাইবাৰ পাখতুনখোৱাত নিৰাপত্তা আৰু মানৱ অধিকাৰৰ পৰিস্থিতি অধিক অৱনতি ঘটাক লৈ উদ্বেগ প্রকাশ কৰিছে।