February 26, 2025 8:54 PM

views 18

ছুডানত বিমান দুৰ্ঘটনাত  ৪৬জন লোকৰ  মৃত্যু

ছুডানৰ অমডামান চহৰত সেনাবাহিনীৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি পাইছে। সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰিছে যে উত্তৰ অমডাৰমানৰ খাম'ৰ সমীপৱৰ্তী ৱাড়ি চেইদাহ এয়াৰ বেচৰ পৰা এণ্টনভ বিমানখনে উৰিবলৈ আৰম্ভ কৰোতেই দুৰ্ঘটনাটো সংঘটিত হয়। কাৰিকৰী বিজুতিৰ বাবে সংঘটিত বিমান দুর্ঘটনাটোত সেনা বাহিনীৰ লোকৰ লগতে সাধাৰণ নাগৰিকো নিহত হোৱা বুলি সেনা বাহিনীৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে