April 14, 2025 3:06 PM

views 18

ছুডানৰ গৰফুৰ অঞ্চলত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু

ছুডানৰ গৰফুৰ অঞ্চলত এতিয়াও ছুডান সেনাৰ অধীনত থকা শেষৰখন বৃহৎ মহানগৰ এ ফাশ্বাৰৰ আশে-পাশে থকা শিবিৰত অৰ্ধসামৰিক বাহিনীয়ে কৰা আক্ৰমণত ২০০ৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে এই আক্ৰমণত মৃত্যু হোৱা লোকৰ ভিতৰত ৫৬ গৰাকী সাধাৰণ নাগৰিক। ৰাষ্ট্ৰসংঘই জনোৱা মতে দুটা বৃহৎ শৰণাৰ্থী কেন্দ্ৰত এতিয়াও আক্রমণ সংঘটিত হৈ আছে। উল্লেখযোগ্য যে এইসকল লোকে শিবিৰৰ ভিতৰত থকা একমাত্র চিকিৎসালয়খন পৰিচালনা কৰিছিল। আমেৰিকাই দুয়োপক্ষক গৰিহণা দি আৰ এছ এফে দাৰফুলত নৰসংহাৰ কৰাৰ লগতে সেনাই সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ কৰা প্...

April 13, 2025 6:00 PM

views 14

চুডানৰ এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত অৰ্ধসামৰিক বাহিনীৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু

চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী এল ফাছাৰৰ দুটা শৰনাৰ্থী শিবিৰত যোৱা ৪৮ ঘণ্টাত অৰ্ধসামৰিক বাহিনী আৰ এছ এফৰ আক্ৰমণত ১১৪ জন নাগৰিকৰ মৃত্যু হয়। বিভাগীয় তথ্য অনুসৰি যোৱা শুকুৰবাৰে জাম জাম শিবিৰত ১০০ জন লোক নিহত হয় আৰু কালি আবু শ্বৌক শিবিৰত ১৪ জন লোক নিহত হয়। উল্লেখযোগ্য যে এল ফাছাৰত যোৱা বছৰৰ মে' মাহৰ পৰা চুডানৰ সশস্ত্র বাহিনী আৰু আৰ এছ এফৰ মাজত যুদ্ধ চলি আছে।

February 2, 2025 12:27 PM

views 15

ছুডানৰ ওমদুৰমানত ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীৰ গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকৰ প্ৰাণহানি

ছুডানৰ ৰাজধানী খাতুমৰ উত্তৰ প্ৰান্তৰ ওমদুৰমানৰ এখন ব্যস্ত বজাৰত কালি ৰেপিড ছাপোৰ্ট অৰ্ধসামৰিক বাহিনীয়ে চলোৱা গুলীবর্ষণত কমেও ৪৫ জন অসামৰিক লোকে প্ৰাণ হেৰুৱাই আৰু অন্য ৮২ জন আহত হয়। অল থাওৰা প্ৰতিৰোধ সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে অৰ্ধসামৰিক বাহিনীয়ে কৰাৰী এলেকাৰ ছবৰিন বজাৰত ইচ্ছাকৃতভাৱে গুলীবর্ষণ কৰি এই গণহত্যা সংঘটিত কৰা বুলি প্ৰকাশ কৰিছে।