August 13, 2025 12:18 PM

views 22

অহা ১৯ আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণ

দিল্লীত অহা ১৯ আগষ্টৰ পৰা সুব্ৰত কাপ আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ৬৪ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাৰ তিনিটা শাখাত ১০৬ টা দলে অংশ ল’ব। ১৭ বছৰ অনুৰ্ধ ল’ৰা, ১৭ বছৰ অনুৰ্ধ ছোৱালী আৰু চাব-জুনিয়ৰ শাখাত খেলসমূহ অনুষ্ঠিত হ’ব। ২৫ ছেপ্টেম্বৰলৈ দিল্লী আৰু বেংগালুৰুত চলিবলগীয়া এই প্ৰতিযোগিতা ১৯ আগষ্টত দিল্লীত ১৭ বছৰ অনুৰ্ধ শাখাৰ প্ৰতিযোগিতাৰে আৰম্ভ হ’ব। ২ ছেপ্টেম্বৰৰ পৰা বেংগালুৰুত ছাব-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হোৱাৰ লগতে ১৬ ছেপ্টেম্বৰৰ পৰা দিল্লীত প্ৰতিযোগিতাখনৰ ১৭ বছৰ অনুৰ্ধ ল’ৰা শাখা...

September 6, 2024 1:38 PM

views 28

সুব্রত কাপ আন্তর্জাতিক ফুটবল প্রতিযোগিতাৰ ল’ৰাৰ ১৭ বছৰ অনুৰ্ধৰ অন্তিম গ্রুপ খেলত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়লাভ

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত সুব্রত কাপ আন্তর্জাতিক ফুটবল প্রতিযোগিতাৰ ল'ৰাৰ ১৭ বছৰ অনুৰ্ধৰ অন্তিম গ্রুপ খেলত জয়লাভ কৰিছে। দলটোৱে উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ক্রীড়া মহাবিদ্যালয়ক ৮-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী দলৰ হৈ বিলিফাং বড়ো আৰু আকাশ লোহাৰে তিনিটাকৈ গ'ল দিয়ে। আনহাতে, মদন ৰায় চাংচানে এটাকৈ গ'ল কৰে। উল্লেখযোগ্য যে গ্রুপ ‘এ’ত স্থান লাভ কৰা নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চাৰিখন খেলৰ ৩ খনত জয়লাভ কৰিছে। প্ৰতিযোগিতাৰ সূচী অনুসৰি মুঠ ৮ টা গ্ৰুপৰ প্ৰতিটোৰে চেম্পিয...

September 2, 2024 8:24 PM

views 21

সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী খেলত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়লাভ

নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ উদ্বোধনী খেলত গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে জয়লাভ কৰিছে। নুমলিগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলটোৱে সৈনিক স্কুলক ৬-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। নতুন দিল্লীৰ জি ইউ জি খেলপথাৰত কাইলৈ বিজয়ী দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব।

August 10, 2024 1:16 PM

views 17

বেটকুছি হাইস্কুল ৬৩ সংখ্যক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

অসমক প্রতিনিধিত্ব কৰা গুৱাহাটীৰ বেটকুছি হাইস্কুলে চলিত ৬৩ সংখ্যক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ জুনিয়ৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় বায়ুসেনাই আয়োজন কৰা প্রতিযোগিতাখনৰ নতুন দিল্লীৰ জি ডি গোৱেংকা এডুকেশ্বন চিটী গ্রাউণ্ডত অনুষ্ঠিত গ্রুপ-এৰ অন্তিমখন খেলত কালি বেটকুছি হাইস্কুলে মেঘালয়ৰ জৱাহৰ নবোদয় বিদ্যালয়ক ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গুৱাহাটীৰ এই দলটোৱে গ্ৰুপৰ চাৰিখন খেলৰ তিনিখনত জয় আৰু এখন ড্র' খেলী অপৰাজেয় হৈ শীর্ষ দল হিচাপে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। দ...