August 18, 2025 8:57 PM August 18, 2025 8:57 PM

views 15

কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ’ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িললেঃ ওম বিৰলা

বিৰোধী সাংসদসকলে বিভিন্ন বিষয় লৈ হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাৰ বাবে লোকসভা আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। দ্বিতীয় বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন তথা মহাকাশচাৰী শুভাংশু শুক্লাক লোকসভাৰ সকলো সদস্যৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীবিৰলাই কয়, যে কেপ্তেইন শুক্লাই এক্‌জিয়ম মিছন ফ'ৰৰ অধীনত আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস গঢ়িলে। ইয়াৰ পাছতে তেওঁ ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত...

June 26, 2025 8:42 PM June 26, 2025 8:42 PM

views 9

শুভাংশু শুক্লাসহ ৪গৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত

ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাসহ চাৰিগৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযানখনে আজি বিয়লি চাৰি বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে উপস্থিত হোৱাত ভাৰতে ইতিহাস ৰচিছে। লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পাছত মহাকাশত অৱতৰণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হ'ল। এই ঐতিহাসিক অভিযানত আমেৰিকা, ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ চাৰিগৰাকী মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৪ দিন বৈজ্ঞানিক পৰীক্ষা-নিৰীক...