September 30, 2025 8:19 PM

views 35

সেৱা পৰ্বত আজি কেপ্তেইন শুভাংশু শুক্লাৰ ঐতিহাসিক মহাজাগতিক যাত্ৰাই অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ যোৱা বিষয়ত আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শাসনাধিষ্ঠিত চৰকাৰে সেৱা আৰু সুশাসন মন্ত্ৰৰ আধাৰত পৰিৱৰ্তন আৰু প্ৰগতিৰ বাবে নিৰৱিচ্ছিন্ন প্রয়াস চলাই আছে। আজি সেৱা পৰ্বৰ এই বিশেষ শৃংখলাত কিদৰে কেপ্তেইন শুভাংশু শুক্লাই ঐতিহাসিক মহাজাগতিক যাত্ৰাত এটা নতুন গতি প্ৰদান কৰি অন্বেষণৰ এটা যুগলৈ ভাৰতবৰ্ষক আগবঢ়াই লৈ গৈছে- সেই বিষয়ত আলোকপাত কৰা হৈছে । শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় মহাকাশ যাত্ৰী হিচাপে ইতিহাস ৰচনা কৰাৰ সময়ত ১৪০ কোটি ভাৰতীয়ৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰ...

August 18, 2025 8:43 PM

views 29

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান...

August 16, 2025 8:24 PM

views 20

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত ১৮ দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই পুনর্বাসনৰ পিছত ভাৰতলৈ উভতনি

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র, আই. এছ. এছ. ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই মহাকাশত অৱস্থিত পৰীক্ষাগাৰত ১৮ দিনীয়া সফল অভিযান সম্পূৰ্ণ কৰি ভাৰতলৈ উভতি আহিছে। সফল মহাকাশ অভিযানৰ পিছত পুনর্বাসনৰ বাবে আমেৰিকাত থকা ভাৰতীয় মহাকাশচাৰীজন কাইলৈ ভাৰতত উপস্থিত হ'ব বুলি আশা কৰা হৈছে। সামাজিক মাধ্যমত শুভাংশু শুক্লাই তেওঁৰ মহাকাশ যাত্ৰা আৰু বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ উত্তেজনাৰ কথা স্মৰণ কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছিল। উল্লেখযোগ্য যে বিশ্বৰ এগৰাকী আগশাৰীৰ মহাকা...

July 15, 2025 9:14 PM

views 28

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা ১৮ দিনীয়া অভিযানৰ অন্তত পৃথিৱীপৃষ্ঠত পদার্পণ

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীয়ে ১৮ দিনীয়া অভিযানৰ অন্তত আজি পৃথিৱীপৃষ্ঠত পদার্পণ কৰে। অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত গৱেষণাৰ পাছত ড্ৰেগন কেপছুলৰ সহায়ত মহাকাশচাৰীসকলে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰে। এই অভিযানৰ সফলতাৰ পাছতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে মহাকাশচাৰীসকলক আদৰণি জনায়। উল্লেখযোগ্য যে কালি বিয়লি ৪ বাজি ৩০ মিনিটত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অৱতৰণৰ পিছত গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই অন্যান্য...