April 29, 2024 12:42 PM

views 33

ৰাজ্যত শেহতীয়াকৈ হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ১১ খন জিলাৰ ১১১খন গাঁও ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ১১ খন জিলাৰ ১১১খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰী সূত্ৰ অনুসৰি এই দুৰ্যোগৰ ফলত শিৱসাগৰ, নগাঁও, হাইলাকান্দি, হোজাই, ডিব্ৰুগড়, মাজুলী আৰু কাছাৰ জিলাৰ মুঠ ৪ হাজাৰৰো লোক ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক ৩৬ খন গাঁৱৰ ২ হাজাৰ ৯২৩ জন লোক ক্ষতিৰ সন্মুখীন হৈছে। অৱশ্যে এই দুৰ্যোগত কোনো লোকৰ প্ৰাণহানি হোৱা নাই ।