October 5, 2025 7:52 PM

views 78

ৰাজ্যৰ বহু ঠাইত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয়ক্ষতি

ৰাজ্যৰ বহু ঠাইত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষয় ক্ষতি। গোৱালপাৰা জিলাত প্রতিকূল বতৰে জনজীবন ব্যাহত কৰাৰ উপৰি বহু ঠাইত কৃত্রিম বানৰ সৃষ্টি হোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিয়লিৰ ভাগত অহা ধুমুহাৰ ফলত গোৱালপাৰা চহৰত গছ আৰু ফলক ভাঙি পৰি বহুকেইখন বাহন ক্ষতিগ্রস্ত হয়। মানকাচৰ জিলাতো নেৰানেপেৰা বৰষুণৰ ফলত খাৰুৱাবান্ধা আৰক্ষী চকী কৃত্রিম বানৰ কবলত পৰে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বৰষুণৰ ফলত কৃত্রিম বানৰ সৃষ্টি হয়।

April 27, 2025 7:15 PM

views 42

ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বিস্তৰ ক্ষতি

ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাট মৌজাত অহা প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত বহু ঘৰ, বিদ্যালয়, নামঘৰকে ধৰি বহু সা-সম্পত্তিৰ বিস্তৰ হৈছে। মদাৰখাটৰ হাতখোলা, হাবিচুক, বাঙলিটিং, টিমনা, তামুলবাৰী চাহ বাগিচাত ধুমুহাই ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে প্রকাণ্ড গছ উভালি পৰে। প্ৰচণ্ড ধুমুহাৰ ফলত খুঁটা বাগৰি বিদ্যুৎ সেৱাও ব্যাহত হৈ পৰিছে। তদুপৰি প্রবল বৃষ্টিপাত আৰু ধুমুহাৰ ফলত ৰবি শস্যৰ বিস্তৰ ক্ষতি হয়। গাঁওপ্রধানসকলে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত ৰাজহ চক্ৰ বিষয়া তথা জিলা...

April 4, 2024 11:54 AM

views 62

আগন্তুক ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থকাৰ সম্ভাৱনা

♦ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫ দিনত দেশৰ পূৱ আৰু উপদ্বীপ অঞ্চলসমূহত গ্রীষ্ম প্রবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত কৰ্ণাটকৰ উত্তৰ অংশৰ দুৰ্গম এলেকা, পশ্চিমবংগৰ গংগা নৈৰ কাষৰীয়া অঞ্চল, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলসমূহত গ্রীষ্ম প্রবাহ থকাৰ আশংকা আছে। বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৩ দিনত পূৱ ভাৰতৰ ভালেমান ঠাইত সর্বোচ্চ তাপমাত্রা ২ৰ পৰা ৩ ডিগ্রী ছেলচিয়াচ বৃদ্ধি পাব পাৰে বুলি পূর্বানুমান প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে উত্তৰ-পূৰ্বাঞ্চলত ...

April 1, 2024 8:37 PM

views 42

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থকাৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা-বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুই তিনিদিনলৈকে ধুমুহা-বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা ৫ এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। বিভাগৰ মতে, জম্মু-কাশ্মীৰ, লাডাখ, মুজ্জাফৰবাদ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত বতৰৰ এনে অৱস্থা ৬ এপ্ৰিল...