December 14, 2025 12:08 PM

views 46

যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ষ্টীল অথৰিটী অব্ ইণ্ডিয়াৰ ২৭ শতাংশ বৃদ্ধি লাভ

ষ্টীল অথৰিটী অব্ ইণ্ডিয়াই বিগত মাহত যোৱা বছৰৰ তুলনাত বিক্ৰীৰ ক্ষেত্ৰত ২৭ শতাংশ বৃদ্ধি লাভ কৰিছে। তীখা মন্ত্ৰ্যালয়ে এটা বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰি কয়, যে বিগত বছৰৰ এই সময়ছোৱাত ০.৮৪ মিলিয়ন টনৰ তুলনাত যোৱামাহত খুচুৰা বিক্ৰী ৬৯ শতাংশ বাঢ়ি  ০. ১৪ মিলিয়ন টন হয়। ইয়াৰ লগতে চলিত বছৰৰ এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে ১২.৭ মিলিয়ন টন বিক্ৰী সম্ভৱ হৈছে। অথচ যোৱা বৰ্ষত এই সময়ছোৱাত ১১.১ মিলিয়ন টন বিক্ৰী হৈছিল।