October 25, 2025 11:36 AM

views 27

ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৫ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি

পৰিসংখ্যা আৰু ৰূপায়ণ মন্ত্ৰালয়ে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক ২০২৫ৰ খচৰা সন্দৰ্ভত মতামত আৰু পৰামৰ্শ দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। জনসাধাৰণে অহা তিনি নৱেম্বৰ পৰ্যন্ত নিজৰ মতামত আৰু পৰামৰ্শ মন্ত্ৰ্যালয়লৈ নির্দিষ্ট ৱেবছাইটত প্ৰেৰণ কৰিব পাৰিব। পৰামৰ্শসমূহ ই-মেইল যোগেও প্ৰেৰণৰ সুবিধা আছে। এই খচৰা বিধেয়কখনৰ লক্ষ্য হৈছে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানক পঞ্জীয়নভুক্ত সংস্থাৰ পৰা বিধিগত সংস্থালৈ ৰূপান্তৰ কৰি প্ৰতিষ্ঠানিক মর্যাদালৈ উন্নীত কৰা।