September 27, 2024 1:11 PM September 27, 2024 1:11 PM

views 5

পিতৃ-মাতৃৰ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক ৬ আৰু ৮ নৱেম্বৰত বিশেষ ছুটী

পিতৃ-মাতৃৰ বন্দনা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এইবাৰো বিশেষ ছুটী প্ৰদান কৰা হ'ব। সেই অনুসৰি পিতৃ-মাতৃৰ সেৱা-শুশ্রূষাৰ বাবে ৬ আৰু ৮ নৱেম্বৰৰ দিন দুটা বিশেষ নৈমিত্তিক ছুটী হিচাপে মঞ্জুৰ কৰা হৈছে। চৰকাৰে জাৰি কৰা জাননীখনত লগতে কোৱা হৈছে যে ৭, ৯ আৰু ১০ নৱেম্বৰ দিনকেইটা যিহেতু চৰকাৰী বন্ধৰ দিন সেয়েহে কৰ্মচাৰীসকলে একেলেথাৰিয়ে ৫ দিন বন্ধ পাব। অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলে একেটা দিনতে ছুটী ল'ব নোৱাৰিব। জাননীখনত লগতে সকীয়াই দিয়া হৈছে যে ছুটীৰ সময়ছোৱাত...